তিনিচুকীয়াৰ গোপালচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত যোগদান…

তিনিচুকীয়াত দেশৰ বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি তথা শলাগ কাৰ্য্যসূচী ৰূপায়ন তৃণমূল কংগ্ৰেছঃপ্ৰায় ৪০০ ৰো অধিক লোকৰ আনুষ্ঠানিকভাৱে যোগদান তৃণমূল কংগ্ৰেছত ।তিনিচুকীয়াৰ গোপালচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীৰ লগতে দেশৰ শ্বহীদ বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি আৰু যুদ্ধত বীৰত্বৰে যুঁজি দেশমাতৃক গৌৰৱান্বিত কৰা জোৱানসকলক শ্ৰদ্ধা তৰ্পণ কৰি এক অনুষ্ঠান অনুষ্ঠিত, ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰৰ উপস্থিতিত দেশৰ জোৱান সকলৰ বীৰত্ব আৰু বলিদানক শ্ৰদ্ধা তৰ্পণ কৰি তিনিচুকীয়া চহৰৰ মাজেৰে এক শোভাযাত্ৰা উলিওৱা হয়।
শ্ৰদ্ধাঞ্জলি, শোভাযাত্ৰাৰ কাৰ্যসূচীৰ পিছতে অনুষ্ঠিত হোৱা যোগদান সমাৰোহত কংগ্ৰেছ, আছুকে ধৰি অসমৰ বিভিন্ন দল সংগঠনৰ প্ৰায় ৪০০ ৰো অধিক লোকে আনুষ্ঠানিকভাৱে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে।