ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ কাৰ্যসূচী বাতিল….

ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ কাৰ্যসূচী বাতিল। ভাৰত-পাক উত্তেজনাময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ১০ আৰু ১১ মে’ৰ সমূহ কাৰ্যসূচী বাতিল কৰা হয়।উল্লেখ্য যে আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে অনুষ্ঠিত হৈ আহিছিল ফাটবিহু।সেই পৰম্পৰা ৰক্ষা কৰি এইবছৰো ৯,১০ আৰু ১১ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাটবিহুৰ আয়োজন কৰা হৈছিল। ইতিমধ্যে ৩৭ বিঘা ভূমিৰে আৱৰা ফাটবিহুতলী খন সুন্দৰ ৰূপত সজাই পৰাই তোলাৰ সমান্তৰাল ভাৱে দূৰ দূৰণিৰ পৰা বিহুদল আৰু বাণিজ্য মেলাৰ বাবে বিক্ৰেতাসকলো আহি নিজৰ নিজৰ স্থান দখল কৰিছিলহি। শেহতীয়া ভাৰত-পাক উত্তেজনাময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অহা ১০ আৰু ১১ মে’ৰ সকলো কাৰ্যসূচী বাতিল কৰা হয়।অৱশ্যে আজি পুৱাৰ ভাগত ফাটবিহুৰ সভাপতি বসন্ত শইকীয়াই ফাটবিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিহুদল সমূহলৈ আদৰণিৰ লগতে ফাটবিহুৰ স্থায়ী প্ৰতীকটো উন্মোচন কৰাৰ পিছতে ফাটবিহুৰ বছৰেকীয়া মুখপত্ৰ ‘বিহুৱান’ খন উন্মোচন কৰি এইবছৰৰ ফাটবিহু সামৰণি মৰা হ’ব।