
বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ জৰিয়তে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে বাৰ্তাক আগুৱাই নিয়াৰ উদ্দেশ্য প্ৰতি বছৰেই আয়োজন কৰা হয় এই অনুষ্ঠান ৷ অসমীয়া, চাহ জনগোষ্ঠী, আদিবাসী, ভোজপুৰী, বাংলা, উড়িৰা, কাৰ্বি, গাৰো, মুণ্ডা,চাওতালী, প্ৰজা, নেপালী, বড়ো, নেপালী, আদি কৰি সৰ্বমুঠ ১২ টাকৈ ভাষাত পৰিবেশন কৰা হ’ব ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” শীৰ্ষক গীত ৷ অনুষ্ঠানত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্য, সম্পাদক শংকৰ জ্যোতি বৰুৱা, ভূপেন হাজৰিকাৰ ভতিজা সঞ্জীৱ হাজৰিকা, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি শিৱ টেৰন, চাওতালী ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰনকে আদি কৰি কেইবাগৰাকীও নেতা ৷ বিগত ১০ বছৰ ধৰি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰি অহা এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰা।