
ৰাজ্যৰ চৌদিশে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অসমৰ জনপ্ৰিয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা। স্বামীৰ হৈ ৰিণিকি ভূঞা শৰ্মাই সমষ্টিত ভিন্ন ঠাইত চলাই আছে প্ৰচাৰ।
আনহাতে দেওঁবাৰৰ দিনটোতে তেওঁ সমষ্টিটোৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ লেঙা ডেকাবাৰী , মাথাউৰী চুবা,উত্তৰ লেঙাকে আদি কৰি কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে।