sangbad lahar logo

ডিমৰুগুৰি গাওঁ পঞ্চায়তত “মোৰ মাটি, মোৰ দেশ” কাৰ্যসূচী ৰূপায়ণ ।

দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ মাতৃৰ সেৱাত শ্বহীদসকলক সন্মান জনাবলৈ গ্ৰহণ কৰা হয় “মোৰ মাটি, মোৰ দেশ” কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ২০ ছেপ্টেম্বৰৰ পৰা অমৃত কলহ যাত্ৰা কাৰ্যসূচী । খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৰুগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত হয়বৰগাঁও বিষ্ণু নগৰৰ পৰা ইংলিছপট্টি চানমাৰিত কাৰ্যসূচী শুভাৰম্ভ কৰা হয় আৰু এই শুভাযাত্ৰা কহুৱাটলি চাৰিআলিত সামৰণি পৰে । আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিমৰুগুৰি গাওঁ পঞ্চায়তৰ সভাপতি মৃণাল শইকীয়া আৰু ডিমৰুগুৰি গাওঁ পঞ্চায়তৰ সদস্য-সদস্যাসকল আৰু বিষয়ববীয়াসকল,  ডিমৰুগুৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যাসকল, অফিচৰ সকলো বিষয়ববীয়াসকল আৰু নগাঁওৰ ৱেব পৰ্টেলৰ সাংবাদিক প্ৰাঞ্জল নাথ,  স্থানীয় মহিলাসকল আৰু আত্মসহায়ক গোটৰ মহিলাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

Related Articles