ডিজিটেল ডেস্ক ,১৪ ছেপ্তেম্বৰ : জাগী ভকতগাঁও অঞ্চলৰ এগৰাকী বিশিষ্ট নাট্যকাৰ, কলং-কপিলী শাখা কবি সন্মিলনৰ ‘ব’হাগী বৰণ’ প্ৰাপ্ত বিশিষ্ট কবি, সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণেশ্বৰ ডেকাই আজি পুৱা ৬৬ বছৰ বয়সত চতাবড়ীস্থিত নিজ বাসভৱনত শেষ নিঃশ্বাস ত্যাগ কৰে। প্ৰাৰম্ভিক পৰ্য্যায়ত অবৈতনিকভাবে শিক্ষকতা জীৱনৰ পাতনি মেলি ১৯৮২ চনৰ পৰা ২০১৪ চনলৈ ডিমৰীয়াস্থিত কপিলী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰিছিল এই গৰাকী সাহিত্যিসেৱীয়ে। বিভিন্ন গীত লিখি সুৰ দিয়াৰ লগতে কবিতা আৰু নাটক লিখি সাহিত্যৰ ক্ষেত্ৰখনত এক সুকীয়া পৰিচয় লাভ কৰা প্ৰাণেশ্বৰ ডেকাৰ বিয়োগত জাগী ভকত গাঁও শাখা সাহিত্য সভা, কলং-কপিলী শাখা কবি সন্মিলন, ড° ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, এই গৰাকী কবিৰ প্ৰথমখন কাব্য সংকলন ‘বলুকাত বিয়লি বেলা’ ২০১৯ চনত প্ৰকাশ পাইছিল। এইগৰাকী কবিয়ে মৃত্যুৰ সময়ত পত্নী,পুত্ৰ,জীয়ৰীক এই সংসাৰত এৰি থৈ যায়।