sangbad lahar logo

ডিমাকুছিত বৰঙ্গাজুলি সত্ৰৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতালৈ ওদালগুৰি ৰত্ন ২০২০ বঁটা প্ৰদান

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত বাপলৈ ওদালগুৰি জিলা সাহিত্য সভাই দ্বিতীয় বাৰৰ বাবে ওদালগুৰি ৰত্ন বঁটা প্ৰদান কৰে । ২০১৮ বৰ্ষৰ পৰা ওদালগুৰি জিলা সাহিত্য সভাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে ওদালগুৰি ৰত্ন প্ৰদান কৰি আহিছে । ২০২০ বৰ্ষত মহামাৰী কোভিড পৰিস্থিতিৰ বাবে এই ৰত্ন প্ৰদান কৰিব পৰা নাছিল সেয়েহে এইবাৰ ২০২০ ওদালগুৰি ৰত্ন প্ৰদান কৰিবলৈ মনোনীত কৰিছে বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত বাপ জনক।
ৰবিবাৰে ওদালগুৰিৰ বৰঙ্গাজুলি সত্ৰৰ চৌহদত ভকত শিৰোমণি , কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক, সত্ৰ ৰত্ন , সত্ৰ ভূষণ , আতা পুৰুষকে ধৰি কেইবাটাও বিভিন্ন সন্মান তথা বটা প্ৰাপক বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত বাপ জনলৈ ওদালগুৰি ৰত্ন বঁটা প্ৰদান কৰে । উল্লেখযোগ্য যে হৰেকৃষ্ণ মহন্ত আতাৰ যোগেদি ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সত্ৰ বিদ্যালয় নামঘৰ আদি স্থাপন কৰিছে । আনহাতে ডিমাকুছি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক এক কৰি বৃহৎ অঞ্চলৰ ডিমাকুছিত ১৯৫২ চনতে বৰঙ্গাজুলি সত্ৰ স্থাপন কৰিছিল । বৰ্তমান বহুদিন ধৰি তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটা বাবে শাৰীৰিক অসুস্থতাত ভূগি আছে । ইতিমধ্যে ভক্তপ্ৰাণ লোক সকলৰ লগতে অসম চৰকাৰৰ সহযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা উন্নত চিকিৎসা কৰি উভতাই অনাৰ পিছত প্ৰতিদিনে সত্ৰাধিকাৰ গৰাকী সোনকালে সুস্থ হবলৈ ভগৱানৰ ওচৰত নাম কীৰ্তন কৰি ভক্ত প্ৰাণ লোকে বৰঙ্গাজুলি সত্ৰত ভিৰ কৰিছেহি । এনে সময়তে আজি ওদালগুৰি জিলা সাহিত্য সভাই ডিমাকুছি শাখা সাহিত্য সভাৰ সহযোগত ওদালগুৰি ৰত্ন বঁটা প্ৰদান কৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ডঃ পৱিত্ৰ শৰ্মাই আত ধৰা সভাখনত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মা , ওদালগুৰি জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকৰ ,ডিৱাই ৩৬৫ ৰ জেষ্ঠ সাংবাদিক স্নিগ্ধা শিখা শৰ্মা , বিশিষ্ট লোক শিল্পী , চিন্তাবিদ দৰং জিলাৰ প্ৰাক্তন সম্পাদক তৰুণ আজাদ ডেকা, যুৱ সাহিত্যিক কবি উপন্যাসিক জয়ন্ত ৰাজবংশী , ডিমাকুছি শাখা সাহিত্য সভাৰ সভাপতি ধৰ্মকান্ত দাসকে ধৰি অগণন ভক্তপ্ৰাণ ৰাইজ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *