ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত আজি ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন উপস্থিত থাকি প্ৰধানমন্ত্ৰী ডায়েলাইচিছ আঁচনিৰ কেন্দ্ৰ ফিটা কাটি উদ্বোধন কৰি দৰিদ্ৰ আৰু আৰ্তনাদৰ বাবে এক ডাঙৰ সকাহ বুলি কয় । তিনিখন বিছনাযুক্ত এই ডায়েলাইচিছ কেন্দ্ৰত দৈনিক ৯ গৰাকীকৈ, মাহত প্ৰায় ২৫০ গৰাকী ৰোগীক চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব । সম্প্ৰতি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,অসম চৰকাৰে, চৰকাৰী বেচৰকাৰী উদ্যোগেৰে তিনিচুকীয়া জিলাৰ কেটেতং ব্লকৰ পি এইচ চি এন এইচ এমৰ সহযোগত ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰধানমন্ত্ৰী ডায়েলাইচিছ কেন্দ্ৰ মুকলি কৰে । উদ্বোধনী অনুষ্ঠানত ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰ উন্নয়ন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ফুকনৰ সৈতে উপস্থিত থাকে স্বাস্থ্যকেন্দ্ৰৰ মুখ্য চিকিৎসক তথা স্বাস্থ্য বিষয়া ডা:নিহাৰিকা বৰা, মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশ প্ৰীতম গগৈ, বিশিষ্ট সমাজকৰ্মী,ৰ’টাৰীয়ান কিশোৰ বৰুৱা,ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি দত্ত, এপল’ ডায়েলাইচিছ অসমৰ ৰিজিৰ্নেল মেনেজাৰ পৱন দাস,ডিগবৈ ইউনিইটৰ ভাৰপ্ৰাপ্ত বিষয়া গাৰ্গী, মাৰ্ঘেৰিটা ইউনইট বিষয়া বিপুল ভূমিজ, চিনিয়ৰ কোৱালিটি এক্সিকিউটিভ দীপক সিং,কোৱালিটি এক্সিকিউটিভ গৌতম চক্ৰৱৰ্তী,স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক,চিকিৎসাকৰ্মী উপস্থিত থাকে।