

ডিগবৈ শোধনাগাৰৰ মুল প্ৰৱেশদ্বাৰৰ সন্মুখত মিনাৰেল অইল ৱাৰ্কাছ ইউনিয়নে বিভিন্ন দাবী উত্থাপন কৰি আজি সন্ধিয়া অৱস্থান ধৰ্মঘট পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত।উল্লেখ্য,ইতিমধ্যে কামত যোগদান কৰিবলৈ নিদি আঁতৰাই থোৱা মুঠ ১২ জন ঠিকা শ্ৰমিকক কামত যোগদান কৰিবলৈ দিব লাগে বুলি প্ৰৱল দাবী উত্থাপন কৰি কালিৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিকৰ প্ৰতিবাদৰ মাজতে আজি শোধনাগাৰ কৰ্তৃপক্ষৰ প্ৰতিনিধি অৰ্থাৎ উচ্চ পদস্থ বিষয়া আহি প্ৰতিবাদকাৰীক ৬ জনক যোগদান কৰিবলৈ দিয়া হ’ল বুলি মৌখিক আশ্বাস দিয়ে যদিও শ্ৰমিক সংগঠন চিটুৰ নেতা- কৰ্মী আশ্বস্থ হ’ব পৰা নাই।কাৰণ লিখিত পত্ৰ আৰু শোধনাগাৰত ভিতৰত সোমাবলৈ প্ৰৱেশ পত্ৰ কৰ্তৃপক্ষই নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি শ্ৰমিক সংগঠনে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।