ডিগবৈ মহাবিদ্যালয় (স্বায়ত্ব শাসিত)ত বিশ্ব ধপাঁত বিৰোধী দিৱস উদযাপন।

ডিগবৈ মহাবিদ্যালয়ত ( স্বায়ত্তশাসিত)ধঁপাত নিয়ন্ত্রণ কোষৰ উদ্যোগত, মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়।ডিগবৈ মহাবিদ্যালয়ৰ (স্বায়ত্ত শাসিত)অধক্ষ্য ড°পবিত্ৰ ভৰালী,ডিগবৈ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীব্যজোতি দত্ত,মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়ক ৰাজীৱ ৰুদ্ৰ টাৰিয়াং, মহাবিদ্যালয় শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত অনুষ্ঠানত উপস্থিত থাকি পূৰ্ণ সহযোগিতা আগবঢ়ায়। মহাবিদ্যালয়ৰ অধক্ষ্য ড°পবিত্ৰ ভৰালীয়ে আৰম্ভণিতে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ধঁপাত নিয়ন্ত্রণ কৰাত কেনেদৰে সফলতা লাভ কৰিব পাৰে সেই বিষয়ত সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে।ডিগবৈ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই কয়- সমাজ এখনক কেনেকৈ ধঁপাতে ধংসৰ পথলৈ লৈ যায়,ধঁপাতে কেনেকৈ ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীৰ বেয়া পৰিস্থিতি কৰি পেলায় সেই বিষয়ত ব্যাখ্যা কৰা উপৰি ছাত্ৰ-ছাত্ৰীৰ মানসিক, শাৰীৰিক আৰু স্বাস্থ্যৰ সানি কৰে সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়ক ৰাজীব ৰুদ্ৰ টাৰিয়াঙে কয় যে- বাল্য কালৰ পৰাই ভীষ্ম প্ৰতিজ্ঞাৰে জীৱনত ধঁপাত তথা নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়। মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° মণি কংকনা কলিতাই সকলোকে ধঁপাত জাতীয় দ্ৰব্যৰ পৰা দূৰত থাকিবলৈ শপত বাক্য পাঠ কৰায়। ধঁপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ‘শ্লোগান’ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত চাহিনা বেগমে প্ৰথম স্থান,স্নেহা আচাৰ্যই দ্বিতীয় আৰু সুনিতা উপাধ্যায়ে তৃতীয় স্থান লাভ কৰে ।