
ডিগবৈ জ্যোতি নগৰ বাসিন্দা,দি লিটল ষ্টাৰছ স্কুলৰ উপাধ্যক্ষ ৰনদীপ বৰা(৫৭)নামৰ শিক্ষক গৰাকী কালি সন্ধিয়া প্ৰায় ৪.৩০ বজাৰ পৰাই সন্ধানহীন হৈ আছে। ৫ ফুট ৬ ইঞ্চি ওখ এই লোক জনৰ সন্ধান বিচাৰি পৰিয়ালৰ সদস্যসকলক লগতে বহু শুভাকাংশী লোকে ইতিমধ্যে বহু ঠাইত খবৰ কৰিও কোনোধৰণৰ সন্ধান উলিওৱাবলৈ সক্ষম হোৱা নাই। ঘটনাৰ পিছত পৰিয়ালৰ লোক বিহ্বল হৈ পৰিছে। শিক্ষক গৰাকী সন্ধানহীন হোৱা ঘটনাৰ সন্দৰ্ভত ডিগবৈ থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। কোনো সদাশয় লোকে ব্যক্তি জনৰ সন্ধান লাভ কৰিলে ৮৬৩৮২৪৯৩০৪ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰে আহ্বান জনাইছে।*