ডিগবৈ জুবিলী খেলপথাৰত ঢোল আৰু বিহু নাচৰ আখৰা সম্পন্ন…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি বিহুৰ আখৰা চলি থকা সমান্তৰালকৈ ডিগবৈতো চলিব ধৰিছে বিহু নাচ আৰু ঢোল বাদনৰ আখৰা।ডিগবৈ পৌৰসভাৰ অন্তৰ্গত সোণাৰু আত্মসহায়ক গোটৰ উদ্যোগত আৰু ন-জুন হুঁচৰি দলৰ সহযোগত যোৱা ১৭ মাৰ্চত আৰম্ভ হোৱা ঢোল আৰু বিহু নাচৰ আখৰা ২৮ মাৰ্চত সামৰণি পৰে।শতাধিক শিশু আৰু কিশোৰ কিশোৰীয়ে যোগদান কৰা শিক্ষাৰ্থীসকলে আখৰা অন্তিম দিনাৰ সামৰণি অনুষ্ঠানত তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

যথেষ্ট সংখ্যক অভিভাৱক উপস্থিত থকা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক পূৰ্ণ বৰুৱা উপস্থিত থাকি ঢোল আৰু বিহু নাচৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত সহজবোধ্য ভাষণ দিয়ে।

জ্যেতি গগৈয়ে সূচনা কৰা সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাহিত্য আৰু সাংস্কৃতিক কৰ্মী, জ্যেষ্ঠ সাংবাদিক বিনন্দ কোঁৱৰ,বিজু ফুকন,প্ৰিংকা চিংফৌ হাজৰিকা,অতুল হাজৰিকা,দীপামণি বৰুৱা, দেৱজিৎ গগৈ,নয়ন শইকীয়া,পলী শৰ্মা, ঋতুপৰ্ণ খেৰুৱা, নিতুমণি শইকীয়া, হিৰণ্য ৰাজবংশী উপস্থিত থাকি শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে।