সতী জয়মতী স্মৃতি দিৱস পালন সমিতিৰ উদ্যোগত সদৌ ডিগবৈ মহিলা সমিতিৰ কাৰ্য্যালয়ৰ কাষত জয়মতী উদ্যানত অনুষ্ঠিত হয় মুকলি সভা।বীনা ফুকনে সভাপতিত্ব কৰা সভাত মুখ্য অতিথি হিচাপে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন উপস্থিত থাকি জয়ন্তী কোঁৱৰীৰ পূৰ্ণাঙ্গ মূৰ্তিৰ ওপৰত নৱনিৰ্মিত চালিখন শুভ উদ্বোধন কৰি উন্নয়ন মূলক কামৰ খতিয়ান দাঙি ধৰে।

মুখ্য বক্তা হিচাপে অসম অইল সংমণ্ডলৰ নাৰ্চিং কলেজৰ অধ্যক্ষা অপৰাজিতা ফুকন বৰুৱা আৰু নিদিষ্ট বক্তা হিচাপে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° প্ৰীতি দৌলবৰুৱা উপস্থিত থাকি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে।আমন্ত্ৰিত অতিথি হিচাপে শিক্ষাবিদ দিলীপ ভট্টাচাৰ্য, ডিগবৈ সাহিত্য সেৱা সমিতিৰ সভাপতি নিৰুপমা গোস্বামী,কাৰ্য্যকৰী সভাপতি বৈজয়ন্তী বৰা, প্ৰণৱজ্যোতি বৰা, লক্ষ্মীনাথ বুঢ়াগোহাঁই,বসন্ত ভূঞা,ৰিজু ভট্টাচাৰ্য,পল্লব শৰ্মা,বিনন্দ কোঁৱৰ,ৰাণুমণি কোঁৱৰ শইকীয়া স্বপ্না বৰগোহাঁই আদিকে ধৰি অৰ্ধ শতাধিক মহিলা উপস্থিত থাকে।

সম্পাদীকা বিউতী ভূঞাই সভাৰ সূচনা কৰে।সতী জয়মতী স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাৰ বঁটাসমূহ মুখ্য বিশিষ্ট আৰু আমন্ত্ৰিত অতিথিয়ে বিতৰণ কৰে।বৰ্ষীয়ান নাগৰিক অতুল চন্দ্ৰ ভট্টাচাৰ্যক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।