ডিগবৈ চহৰত ই-ৰিক্সা চলোৱাৰ নীতি নিৰ্দেশনা।ডিগবৈ চহৰত ই-ৰিক্সা চলাই বহু নিৱনুৱা যুৱকে পৰিয়াল পোহপাল দি আছে। প্ৰায় এহেজাৰখন ই-ৰিক্সা চহৰত চলাবলৈ যাওঁতে সময়ে সময়ে বিভিন্ন সমস্যাই দেখা দিয়ে।এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি সমূহ ই-ৰিক্সাৰ স্বত্বাধিকাৰী আৰু চালক সন্থা একগোট হৈ ডিগবৈ পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত হয়।ডিগবৈ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া অনিৰুদ্ধ বৰা,মুখ্য অভিযন্তা বিকাশ গগৈ আৰু মুখ্য কাৰ্যালয় সহায়ক তথা গাণিনিক সুনীন্দ্ৰ ৰংৰাংৰ উপস্থিতিত দ্বিপাক্ষিক আলোচনাৰ অন্তত সঠিক আৰু সন্তোষজনক সিদ্ধান্তত উপনীত হয়।
