তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ আৰক্ষীয়ে ড্ৰাগছ, কানি, ভাং আৰু জোৱাৰীৰ বিৰুদ্ধে অভিযান চলাই থকা সময়তে পুনৰ মঙ্গলবাৰে উপৰ মামৰণিত অভিযান চলাই ৭.৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনসহ দুজন পুৰুষ আৰু এগৰাকী মহিলাক আটক কৰি আজি তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ জয়পুৰ থানাৰ অন্তৰ্গত দুৱৰা পথাৰ গাঁৱৰ ধনেশ্বৰ ফুকনৰ পুত্ৰ ৪৩ বছৰীয়া মণ্টু মৰাণ, ডিব্ৰুগড় জিলাৰ নামৰূপ থানাৰ অন্তৰ্গত বি বি এফ চি সমীপৰ দলং গাঁৱৰ প্ৰয়াত সদ্দিলা বৰাৰ পুত্ৰ ৩২ বছৰীয়া চুয়েল বৰা আৰু তিনিচুকীয়া জিলাত ডিগবৈ থানাৰ অন্তৰ্গত ওপৰ মামৰণী গাঁৱৰ জিতুল মৰাণৰ পত্নী ৩৫ বছৰীয়া প্ৰিয়লতা মৰাণক মঙ্গলবাৰে সন্দেহযুক্ত হেৰ’ইনসহ হাতে-লুতে আটক কৰিছিল । ঘটনাৰ সন্দৰ্ভত ডিগবৈ থানাত ভাৰতীয় দণ্ডবিধিৰ ২১(বি)/২৭/২৯ এন ডি পি এছ এক্টত এক গোচৰ পঞ্জীয়ন কৰিছে ।