ডিগবৈত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদকক উষ্ম আদৰণি।

আছাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ’ আৰু সাধাৰণ সম্পাদক দেবেন ওৰাঙক মাকুমৰ পৰা ডিগবৈলৈ মটৰ চাইকেল ৰেলী কৰি অনাৰ পিছত ডিগবৈত উষ্ম আদৰণি জনায় আছা তিনিচুকীয়া জিলা সমিতি আৰু নাৰী শক্তি মহিলা সমিতিয়ে। ডিগবৈ লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত আদৰণি সভাত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলব্ৰাট অৰেয়াই।আদিবাসী ছাত্ৰ সন্থাৰ দাবী সমূহ পুনৰ নকৰা,শোষণ নিষ্পেষণ কৰা আৰু জনজাতিকৰণ নকৰা বাবে চৰকাৰক ২০২৬ চনত এক উচিত শিক্ষা দিয়া হ’ব বুলি আছাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই সদৰি কৰে।২০২৬ চনৰ জানুৱাৰী মাহৰ ৩০,৩১ আৰু ১ আৰু ২ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৃহৎ কাৰ্য্যসূচীৰে মাৰ্ঘেৰিটাত আদিবাসী মহাসভা অনুষ্ঠিত কৰা হ’ব বুলি আদৰণি সভাত ঘোষণা কৰে।