sangbad lahar logo

ডিগবৈত শংকৰ জন্মোৎসৱৰ মুকলি অধিৱেশন ।

শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন সমিতিৰ উদ্যোগত ডিগবৈৰ পাণবাৰী সাৰ্বজনীন নামঘৰত যোৱা ২২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ অনুষ্ঠিত হয় । পাণবাৰী সাৰ্বজনীন নামঘৰৰ গোমোস্তা ক্ষেত্ৰত মুকলি সভাত সভাপতিত্ব কৰে সূৰ্যদীপ দিহিঙ্গীয়াই । সভাৰ মঙ্গলাচাৰণ কৰে কণ্ঠশিল্পী অনিন্দিতা গোস্বামীয়ে । মুখ্য অতিথি হিচাপে নগাওঁ ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শংকৰী সংস্কৃতিৰ গৱেষক ড° বিমান হাজৰিকা, ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্য্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী দেৱজিৎ গগৈয়ে চমু ভাষণেৰে সভা উদ্বোধন কৰে । তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰাণা চাংমাই আৰু জন্মোৎসৱ পালন প্ৰাক্তন সভাপতি কমল বসুমতাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । আদৰণি জনায় অভ্যৰ্থনা সমিতিৰ সভাপতি দিগন্ত দত্তই । মুকলি অধিৱেশনত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ মুখ্য, বিশিষ্ট আৰু আমন্ত্ৰিত অতিথিসকলে বিতৰণ কৰে । ৰাজহুৱা অৱসৰী শিক্ষক সুন্দৰ প্ৰসাদ ক্ষেত্ৰী, বীৰেণ দত্ত, বিচিত্ৰ দাস, জিতেন দত্ত, নিলীমা মহন্ত আৰু চেনিমাই সন্দিকৈক সম্বৰ্ধনা জনায় ।

Related Articles