ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক।

ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক। তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কালি নিশা(২০ মে’) ডিগবৈ পাৰ্শ্বৱৰ্তী বালিজান বন গাঁৱৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।টিলক দাসৰ পুত্ৰ অজয় দাস নামৰ যুৱকজনে দীৰ্ঘ দিন ধৰি ড্ৰাগছ সৰবৰাহ কামত লিপ্ত আছিল।এশ গৰু মাৰিলে বাঘৰো মৃত্যু ঠিক যেন তেনেকুৱাই হ’ল। আৰক্ষী উপ-পৰিদৰ্শক পিংকী বৰাৰ নেতৃত্বত গাওঁৰক্ষী বাহিনীৰ সহযোগত চলোৱা অভিযান কালত অজয় দাসৰ ঘৰৰ পৰা ৯.৪৬ গ্ৰাম সন্দেহ যুক্ত হেৰ’ইন, তিনিটা প্লাষ্টিকৰ চাধা ভৰোৱা টেমা আৰু ক’লা ৰঙৰ পলিথিন বেগ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত ডিগবৈ থানাৰ আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্য উদ্ধাৰৰ বাবে অজয় দাসক সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।