

অনিশ্চয়তা আৰু বহু প্ৰতিক্ষাৰ অন্তত আজি খোল খালে অসম বহুমুখী সমবায় সমিতিৰ ডিগবৈৰ শাখা কাৰ্যালয়। ডিগবৈ পৌৰসভা কাৰ্য্যালয়ৰ চৌহদত অৱস্থিত অসম বহুমুখী সমবায় সমিতিৰ কাৰ্য্যালয়টো চৰকাৰী এক নিৰ্দেশ অনুসৰি তিনিচুকীয়া সহকাৰী আয়ুক্ত মাধুৰীমা দিহিঙ্গীয়াই আজি বিয়লি খুলি দি বহুমুখী সমবায় সমিতিৰ ডিগবৈ শাখাৰ প্ৰৱন্ধক অঞ্জুৰাণী দত্তক দায়িত্ব অৰ্পণ কৰে। এইক্ষেত্ৰত সহযোগিতা আগবঢ়ায় ডিগবৈ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া অনিৰুদ্ধ বৰা,সমবায় সমিতিৰ বিষয়া ৰঞ্জিত কুমাৰ ফুকন আৰু উলেন কোঁৱৰে। উল্লেখ্য যে, অসম সমবায় সমিতিয়ে হিচাপ পৰীক্ষাৰ অজ্ঞাত অজুহাত দেখুৱাই বিগত ২৮ মাহ ধৰি অৰ্থাৎ ২০২২ চনৰ ৩০ ডিচেম্বৰত বহুমুখী সমবায় সমিতিৰ কাৰ্য্যালয় চৰকাৰী নিৰ্দেশত বন্ধ কৰি দিছিল।