sangbad lahar logo

ডিগবৈত চাঞ্চল্য ডকাইটি কাণ্ড । চোকা অস্ত্ৰ দেখুৱাই এহাল দম্পতিৰ পৰা লুটিলে ধন ।

ডিগবৈত মঙ্গলবাৰে নিশা নাজিৰাটিঙত ডকাইতি কাণ্ড ।

ক্ষুদ্ৰ ব্যৱসায়ী জিতেন্দ্ৰ বাৰ্মাক চোকা অস্ত্ৰ দেখুৱাই লুটি লৈ গ’ল প্ৰায় ১৫ হাজাৰ টকা ।

বগাপানী ডাঙৰীয়া বাবা থানৰ সমীপত থকা নিজৰ দোকান বন্ধ কৰি নিশা জিতেন্দ্ৰ পত্নীৰ সৈতে বাইকত নাজিৰাটিং পথেৰে গৈ আছিল । পথটোৰ দুয়োপাৰে বনাঞ্চল থকা অংশত চাৰিজন যুৱকে জিতেন্দ্ৰক ৰখাই চোকা অস্ত্ৰ দেখুৱাই হুলস্থুল নকৰিবলৈ সকীয়াই দিয়ে ।

সেনাৰ পোচাকত থকা আৰু মুখত ক’লা কাপোৰ মাৰি থকা ডকাইত কেইটাই প্ৰথমে জিতেন্দ্ৰক বনাঞ্চলৰ মাজলৈ টানি নিবলৈ চেষ্টা কৰা সময়তে লগত থকা পত্নীয়ে ভয়তে দোকানৰ টকা থকা বেগটো ডকাইত কেইটাক দি জিতেন্দ্ৰক এৰি দিবলৈ কাকুতি মিনতি কৰাত ডকাইতকেইটাই জিতেন্দ্ৰক এৰি বনাঞ্চললৈ পলায়ন কৰে ।

আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি লগে লগে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে ।

ডকাইতকেইটাক আটক কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও সফল হ’ব পৰা নাই ।

উল্লেখ্য ,নাজিৰাটিঙৰ পথটোৰে ডিগবৈ চহৰলৈ ওলাই আহি বহুলোকে ব্যৱসায়-বাণিজ্য কৰি সন্ধিয়া পুনৰ ঘৰলৈ উভতি যায় । সম্প্ৰতি এইসকল ব্যৱসায়ীয়ে ডকাইতৰ ভয়ত পথটোৰে অহা-যোৱা কৰিবলৈ চিন্তিত হৈ পৰা বুলি জানিব পৰা গৈছে ।

Related Articles