ডিগবৈত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সজাগতা প্ৰশিক্ষণ শিবিৰ সম্পন্ন….

ডিগবৈ চিভিল ডিফেন্সৰ ডেপুটি কণ্টলাৰ ভাস্কৰ ডেকা,ডেপুটি ৱাৰ্ডেন অলকেল দেৱ আৰু ভলণ্টিয়াৰ সকলে তিনিদিনীয়া প্ৰশিক্ষণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক দুৰ্যোগৰ সময়ত ল’ব লগা সাৱধানতা,ৰছী আৰু বাঁহৰ দ্বাৰা চাঙি সজা,বিভিন্ন প্ৰকাৰৰ ৰছীৰ গাঁঠি, কাপোৰ ব্যৱহাৰ কৰি মুৰ, কিলাকুটি,ভৰি আঁঠু,বাহু আৰু ডিঙিৰ বেণ্ডেজ দিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ আগবঢ়ায়।তদুপৰি দুৰ্যোগৰ সময়ত ঘৰৰ চাডৰ পৰা কেনেকৈ ৰছী ব্যৱহাৰ কৰি মানুহ তললৈ নমাব পাৰি তাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।দৈনন্দিন ব্যৱহাৰিক জীৱনত অথবা বিপদ কালীন সময়ত এই প্ৰশিক্ষণৰ দ্বাৰা ছাত্ৰ- ছাত্ৰীসকলৰ সহায়ক হ’ব বুলি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীয়ে মতপোষন কৰি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীক ধন্যবাদ জনায়।