সংবাদ লহৰ: বিশ্বনাথ জিলাৰ বৰজাৰনিত ডাইনীৰ সন্দেহত এজন বৃদ্ধক দলৱদ্ধভাৱে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ ২ নং বৰজাৰনীৰ কাচবিল প্ৰাথমিক বিদ্যালয়ৰ চৌহদত লংকী বে’ নামৰ ৬২ বছৰীয়া বৃদ্ধজনক মাৰপিট কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷
বৰজাৰণিৰ ১ নং বগীজুলিস্থিত নিজ পাম ঘৰৰ পৰা ডাইনীৰ সন্দেহত এখন চাৰিচকীয়া বাহনত চাৰিজনকৈ লোকে উঠাই আনিছিল বৃদ্ধজনক৷ ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰলোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগেই সেই স্থান ত্যাগ কৰে নৰপিশাঁচৰ দলটোৱে৷ ডাইনীৰ সন্দেহত দলৱদ্ধ আক্ৰমণৰ বলি হোৱা লংকী বে’ক আৰক্ষীৰ দলে ততালিকে চিকিৎসালয়ৰ ব্যৱস্থা কৰে৷ আনহাতে ঘটনাৰ পিছতে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিসুতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিৱলৈ উপস্থিত হোৱা পৰিয়ালৰ সদস্যক স্থানীয় গাওবুঢ়া ৰামনাথ টেৰণে এজাহাৰত ডাইনীৰ সন্দেহত দলৱদ্ধ আক্ৰমণ চলোৱাৰ প্ৰসংগ উল্লেখ নকৰিবলৈ হেচাঁ প্ৰদান কৰি কেৱল মাৰপিটৰ হোৱা বুলি সাধাৰন এখন এজাহাৰ লিখি চহী কৰাই আৰক্ষী চকীত দিয়াৰ অভিযোগ এজাহাৰ দাখিলকাৰী লোকজনৰ পুত্ৰৰ৷ ইয়াৰ পিছতে পুনৰ ডাইনী সন্দেহত আক্ৰমনৰ বলি হোৱা বৃদ্ধজনৰ পৰিয়ালৰলোকে বিশ্বনাথৰ আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনা বিৱৰি আন এক অভিযোগ দাখিল কৰে ৷ কিন্তু আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ আৰক্ষী অধীক্ষকক প্ৰদান কৰা লিখিত অভিযোগত উল্লেখ থকা অনুসৰি ধনসিং ৰংপী, ৰঞ্জিত তেৰাং, বাবু বে, বিক্ৰম বে, চাৰ বে, বাবু ৰংপী, সিং তেৰাং, বিকাশ বে আৰু ধনিৰাম বে নামৰ দহ গৰাকী ব্যক্তি এই ঘটনাৰ লগত জড়িত ৷ উল্লেখ্য যে দুবছৰ পূৰ্বেও গাঁৱৰে এগৰাকী মহিলাৰ মৃত্যুৰ বাবে লংকী বে’ক জগৰীয়া কৰি এই সকললোকে নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে৷ ইফালে কি ৰহস্যজনক কাৰনত গাওবুঢ়া ৰামনাথ টেৰনে ডাইনীৰ ঘটনা লুকুৱাবলৈ চেষ্টা কৰিছিল তাক লৈ প্ৰশ্ন উঠিছে ৷ ডাইনীৰ ঘটনা লুকুৱাই সাধাৰন মাৰপিটৰ ৰূপ দিবলৈ চেষ্টা কৰা ৰামনাথৰ বিৰোদ্ধে তদন্ত কৰিবলৈ সচেতন মহলে জিলা প্ৰশাসনক দাবী জনাইছে ৷