
মৰিয়নিৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত চিনাতলী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। গাঁওখনৰ অনিল মুণ্ডা আৰু মামনি মুণ্ডা নামৰ এহাল দম্পতীয়ে হত্যা কৰে গাঁৱখনৰে বিহুত পানিকা নামৰ এজন যুৱকক ।যোৱা ২৪ অক্টোবৰত বিহুত পাণিকা নামৰ ৪০ বছৰীয়া লোকজনক হত্যা কৰি প্লাষ্টিকেৰে মেৰিয়াই শৌচাগাৰৰ ভিতৰত ভৰাই থৈছিল দম্পতিহালে । স্মতব্য যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও সুৰাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হৈ পিছত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ।পিছত মৃতদেহটো শৌচাগাৰৰ ভিতৰৰ পৰা আঁতৰাই নিবলৈ সুযোগ নোপোৱাৰ বাবেই উৱঁলি উৎকট দুৰ্গন্ধ ওলোৱাত যোৱা নিশা হত্যাকাৰী দম্পতি হালে দেবেৰাপাৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে ঘটনা সম্পৰ্কত এটা গোচৰ ৰুজু কৰি হত্যাকাৰী দম্পতিহালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে উৱঁলি যোৱা মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।