
শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰি ব্ৰাক্ষ্মণ গাৱঁৰ কণমানি আকাংক্ষা খাউন্দে ইতিমধ্যে বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ ইতিমধ্যে আমগুৰিত ২০১৯ ত অনুষ্ঠিত ৰয়েল আইকন অফ আচাম , গুৱাহাটীৰ গ্ৰেন্ডচ ইণ্ডিয়া ইন্টাৰণেশ্বনেল এম্বেশ্বদৰ, গুৱাহাটীৰ মেজাষ্টিক ইণ্ডিয়া ইন্টাৰণেশ্বনেল, গুৱাহাটীৰ অল আচাম মেগা ফেচনত স্থান লাভ কৰি শেহতীয়াকৈ বম্বেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পয্যায়ত “স্নেহা ফেশ্বন এণ্ড ফিউজন” ৰ বেনাৰ ত মিছ ইণ্ডিয়াত অংশ গ্ৰহণ কৰি “কিডচ” ৰ শাখাত বিজয়ীৰ খিতাপ দখল কৰি জাঁজী জামুগুৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। টীয়ক হলিফ্লাৱাৰ স্কুলৰ ক্লাছ “টু”ৰ ছাত্ৰী আকাংক্ষা খাউণ্ড জাঁজী জামুগুৰিৰ ৰিণ্টু খাওন্দ আৰু ববিতা ভট্টাচাৰ্য্য খাউন্দৰ একমাত্ৰ কণ্যা।