
নিউজ ডেস্কঃ আজি পৱিত্ৰ ভাদ মাহ উপলক্ষে যোৰহাট জিলাৰ টীয়কৰ চটাইস্থিত বৈকুণ্ঠথলী শ্ৰীশ্ৰীআউনীআটী সত্ৰত উপস্থিত হয় অসমৰ মুখ্য মন্ত্ৰী আৰু সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা। শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ আধ্যাত্মিক শিক্ষাৰ নিৰ্মল বন্তি জ্বলাই ৰখাৰ উদ্দেশ্যে এই চৌহদত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হয়।
এই দৰ্শনকালত সতীৰ্থ মন্ত্ৰীদ্বয় ক্ৰমে ডাঃ ৰণোজ পেগু আৰু যোগেন মহন, সাংসদদ্বয় ক্ৰমে তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে ৷ টীয়ক, যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ কলিয়াপানীত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । আগন্তুক দুবছৰৰ ভিতৰত মহাবিদ্যালয় খনৰ কাম সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।ভাষণ প্ৰসংগত ডঃ শৰ্মাই কয় যে যোৰহাটৰ লগতে আন ৮ খন চৰকাৰী আইন মহাবিদ্যালয় অচিৰেই প্ৰতিষ্ঠা কৰা হ’ব।