sangbad lahar logo

টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ স্থানীয় ৰাইজৰ ক্ষোভ ।

নিউজ ডেস্কঃ টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ স্থানীয় ৰাইজৰ ক্ষোভ প্ৰকাশ।দুৰ্নীতিৰ অভিযোগ ৰজাবাৰীস্থিত পশু চিকিৎসালয়ৰ বিষয়ববীয়াসকললৈ ।

যোৰহাট জিলাৰ টীয়ক ৰজাবাৰীস্থিত পশু চিকিৎসা কেন্দ্ৰৰ অধীনস্থ এলেকা সমূহত আজি বহুদিন আগতে ভেকচিন দিয়া হ’ব বুলি ঘৰে ঘৰে ভেকচিনৰ টিকেট বিতৰণ কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত পশুধনক ভেকচিন প্ৰদান কৰিবলৈ কোনো পশু চিকিৎসা কেন্দ্ৰৰ চিকিৎসক- কৰ্মচাৰী উপস্থিত নহ’ল।যাৰ বাবে দুখীয়া পশু পালকসকলে চৰম ক্ষোভ প্ৰকাশ কৰিছে।

চৰকাৰৰ ধনেৰে আড়ম্বৰপূৰ্ণ জীৱন অতিবাহিত কৰা বিষয়া-কৰ্মচাৰীৰ নিজৰ দায়িত্ব-কতৰ্ব্যৰ প্ৰতি অনীহা কিয়? নে বক্ৰ পথেৰে চৰকাৰী ধনৰ লুণ্ঠন কৰিছে মুষ্টিমেয় এই পশু চিকিৎসা কেন্দ্ৰৰ চিকিৎসক-কৰ্মচাৰীসকলে।এয়া আমাৰ অভিযোগ নহয়।এই অভিযোগ উত্থাপন কৰিছে কমাৰ খাতোৱাল গাঁৱৰ দুখীয়া গো-পালকসকলে।

দুখীয়া গো-পালক ৰাইজৰ প্ৰশ্ন: বিগত বৰ্ষৰ দৰে এইবাৰো যদি চবকাৰ দৰে বেমাৰত গো-ধন আক্ৰান্ত হৈ চৰণীয়া পথাৰতে মৃত্যুবৰণ কৰিবলগীয়া হয় হয় তেতিয়া লকডাওনে বিপৰ্যস্ত কৰা কৃষকৰ অৱস্থা পানীত হাঁহনচৰা হ’ব।কৃষকৰ বিলৈ-বিপত্তিৰ খবৰ কৰিবলৈ এতিয়া ৰজাবাৰীস্থিত পশু চিকিৎসা কেন্দ্ৰৰ চিকিৎসক-কৰ্মচাৰীৰ সময়ৰ অভাৱ।ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ভেকচিন প্ৰদানৰ নামত দুৰ্নীতি সংঘটিত হোৱা নাইতো ??একাংশ পশু-চিকিৎসক-কৰ্মচাৰীৰ মইমতালি আৰু চূড়ান্ত হেমাহীৰ বলি হৈছে এই দুখীয়া গো-পালকসকল।

যিটো সময়ত অসমত গো-সুৰক্ষা আইন গৃহীত হৈছে, তেনেকুৱা সময়ৰ প্ৰেক্ষাপটত দুখীয়া গো-পালকসকলৰ লগত এই অন্যায় কোনে সহ্য কৰিব।

সমগ্ৰ বিষয় সন্দৰ্ভত দুখীয়া গো-পালক সকলে উপযুক্ত তদন্তৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই দুখীয়া গো-পালকসকলক ন্যায় দিবলৈ অসম চৰকাৰক অনুৰোধ জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *