sangbad lahar logo

টীয়কৰ ঐতিহাসিক নৃসিংহ প্ৰভু খ্যাত মইনাপুৰীয়া নামঘৰত কভিদ বিধি মানি নাম প্ৰসংগ আৰম্ভ।

যোৰহাট জিলাৰ পূৱ প্ৰান্তত অৱস্থিত নৃসিংহ প্ৰভু ক্ষ্যাত অন্যতম ধৰ্মানুস্থান মইনাপুৰীয়া নামঘৰতো পূৰ্বৰ পৰম্পৰা অনুসৰি পহিলা ভাদৰ পৰা আৰম্ভ হৈছে মাহযোৰা তিনি প্ৰসংঙীয়া নাম-প্ৰসংগ।চৰকাৰী নীতি নিৰ্দেশনা মানি প্ৰতি গৰাকী ভক্তই বাধ্যতামুলক ভাৱে মাৰ্ক্স ,চেণিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে মানি চলিৱ লাগিৱ সামাজিক ব্যৱধান।

দুয়ো পালি প্ৰতিশেধক লোৱা ভক্তই নামঘৰত সোমাৱ পাৰিৱ।নাম ঘৰত পুৱা ভাগৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰা দেখা গ’ল।ভক্তসকলে চাকি ধুপ জ্বলাই মহাপ্ৰভুৰ চৰণত আৰ্শিবাদ লোৱাৰ লগতে শৰাই আগবঢাই মংগল কামনা কৰিছে।

সকলো ভক্তই কভিদ বিধি মানি নামঘৰলৈ আহি নৃসিংহ মহাপ্ৰভুৰ আৰ্শিবাদ গ্ৰহণ কৰিবলৈ ভকত সকলক নিমন্ত্রন জনাইছে পৰিচালনা সমিতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *