
পুৰুষৰ দৰে সমানে কাম কৰিৱ পৰা শক্তি নাৰীৰো আছে। এইবাৰ কৰ্মৰ দ্বাৰা অসমীয়াগিৰি দেখুৱালে এগৰাকী যুৱতীয়ে। পুৰুষ , নাৰী বুলি বিশেষণ দি থকাৰ সময়তে নাৰীয়ে দেখুৱালে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ পথ। পুৰুষৰ সমান্তৰালকৈ কৰ্ম কৰিব পৰা শক্তি থকাৰ প্ৰমাণ দাঙি ধৰিলে এইবাৰ টীয়কৰ উচ্চশিক্ষিতা যুৱতী ৰিমঝিম দত্তই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি টীয়ক মেলেং গায়ন গাঁৱৰ যুৱতী ৰিমঝিম দত্তই পিতৃ , মাতৃ আৰু ককাইদেউক কৃষি খণ্ডত আগবাঢ়ি যোৱাত সহায়ৰ হাঁত আগবঢ়াই দিছে এইদৰে । চৰকাৰী চাকৰিৰ বাবে দৌৰি ফুৰি সময় অতিবাহিত নকৰি ৰিমঝিমে আধুনিক পদ্ধতিৰে মীন পালন, ব্ৰইলাৰ পালন, ধান , কচু , হালধি খেতি আৰু তাঁতশালত গামোচা ,চেলেং চাঁদৰ,মেখেলা, ৰুমাল বৈ ধন উপাৰ্জন কৰি চাকৰি অবিহনেওঁ যে সুখেৰে জীৱন জীয়াব পাৰে তাৰ প্ৰমাণ দাঙি ধৰিছে এইদৰে । ৰিমঝিম দত্তৰ দৰে আমাৰ উচ্চ শিক্ষিত যুৱ প্ৰজন্মই কৃষিক উদ্যোগ ৰুপে গঢ়ি তোলাত আত্ম নিয়োগ কৰিলে জীৱনৰ গতিপথ সলনি হোৱাৰ লগতে আমাৰ সমাজখনত এক নতুন দিগন্তৰ সুচনা হ’ব বুলি আশাবাদী ৰিমজিম।