
সমাগত শাৰদীয় দুৰ্গোৎসৱ শৰতৰ বতৰত প্ৰকৃতিয়ে ন-ন ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিশেষ কৈ নদীৰ পাঁৰৰ কঁহুৱা ,ফুল আৰু শেৱাঁলি তল সৰাৰ মাদকতাই শৰতৰ আগমনৰ জাননি দিছে । শাৰদীয় দুৰ্গোৎসৱ লৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে টীয়ক মেলেং লহকৰ গাঁৱৰ কৃষ্ণ প্ৰসাদ দত্তয়ো প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে । সমান্তৰাল ভাৱে টীয়কৰ দুৰ্গোৎসৱ মন্দিৰ সমূহো চূণ-তেল দি আটকধুনীয়া কৰি তুলিছে ।বিগত দুটা বছৰত ক’ভিড মহামাৰীৰ বাবে দুৰ্গোৎসৱ অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হৈছিল । কিন্তু এইবাৰ কভিডৰ নীতি-নিয়মত কিছু শিথিলতা অহাৰ বাবে দুৰ্গোৎসৱ উদযাপন সমিতি সমূহৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয় টীয়ক মেলেঙৰ শতবর্ষ গঢ়কা মিলন মন্দিৰৰ দুৰ্গোৎসৱ উদযাপন সমিতিও। মেলেঙৰ মিলন মন্দিৰৰ দুৰ্গোৎসৱ উদযাপন সমিতিয়ে ক’ভিডৰ নীতি নিয়ম মানি সকলো ভক্ত প্ৰাণ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি কামনা কৰিছে।