
নিউজ ডেস্কঃ মৰিগাঁৱৰ বাচনাঘাটত মালবাহী টাটা মেজিকে খুন্দিয়ালে বিশেষভাৱে সক্ষম মহিলাক। মৰিগাঁও-জাগীৰোড সংযোগী পথৰ বাচনাঘাট তিনি আলিত মালবাহী টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত অচিনাকি মহিলা।
ঘটনাৰ বিৱৰণী মতে মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত বাচনা ঘাটত বৃহস্পতিবাৰে প্ৰায় দহ মান বজাত AS02CC10006 নম্বৰ মালবাহী টাটামেজিক বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই মহিলা গৰাক খুন্দিয়াই আহত কৰে। ইতিমধ্য ঘটনাস্থলীত মৰিগাঁও আৰক্ষী থানাৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দল উপস্থিত হৈ দূৰ্ঘটনাগ্ৰস্ত মহিলা গৰাকীক অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ মৰিগাঁও শ্বহীদ তিলক,হেমৰাম,গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।দূৰ্ঘটনাত পতিত হোৱা মহিলা গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
72 Comments