
ৰাজ্যৰ শিক্ষা বিভাগত আমোল পৰিৱৰ্তনৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে জুৰিয়া শিক্ষাখণ্ডত প্ৰকৃততে কি ঘটিছে? আজি আমি দেখুৱাইছোঁ নগাঁও জিলাৰ জুৰিয়াৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ এখন বিদ্যালয়ত চলি থকা অৰাজকতা। এইবাৰ জুৰিয়াৰ কঠাঁলগুটি বালিকা মোক্তাব বিদ্যালয়ত শিক্ষকক বিচাৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বিদ্যালয়ৰ পাঠদান কাৰ্য আৰম্ভ হোৱা তিনি দিন পাৰ হৈ যোৱাৰ পাছতো বিদ্যালয়ত উপস্থিত নহ’ল এজনো শিক্ষক । বিদ্যালয়খনত চাৰি জনকৈ শিক্ষক থকাৰ পাছতো এজনো শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদান দিবলৈ উপস্থিত নোহোৱাত বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী। বিদ্যালয় খনত তিনিদিন ধৰি ছাত্ৰ ছাত্ৰী অহা-যোৱা কৰিছে যদিও উপস্থিত নাই এজনো শিক্ষক,যাৰ বাবে শিক্ষক বিচাৰি প্ৰতিবাদত নামি পৰিছে ছাত্ৰ-ছাত্ৰী।