sangbad lahar logo

জুৰীয়া পূৱ কলাডুৱাৰ খেতিয়কৰ হাহাকাৰ।

তেজপুৰৰ পৰা অনুশীলনৰ বাবে উৰা মৰা চুখই৩০ যুদ্ধৰ বিমান এখন যান্ত্ৰিক বিজুতিৰ বাবে কলাডুৱা গাঁৱত দূৰ্ঘটনাত পতিত হৈছিল ! ২০১৫ চনৰ সেই অভিশপ্ত দিনটোৰ কথা এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ জুৰীয়াৰ পূব কলাডুবাৰ ৰাইজে । এটা প্ৰকাণ্ড শব্দই জোকাৰিছিল পূব কলাডুৱা অঞ্চল।

ভাৰতীয় বায়ু সেনাৰ চুখই-৩০ নামৰ অত্যাধুনিক যুদ্ধ বিমানখন তেজপুৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছত দুৰ্ঘটনাত পতিত হৈ পোন্ধৰ ফুট দ-গাঁতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুৱাৰ ধাননি পথাৰত। অৱশ্যে বিমানখনৰ দুগৰাকৈ চালকে আকাশ মাৰ্গৰ পৰা পেৰাচুটেৰে জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল যদিও দূৰ্ঘটনাটোত পাঁচজনকৈ স্থানীয়লোক আহত হৈছিল৷ পিছে এই বিমান দূৰ্ঘটনাত ছটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও ইয়াৰ ৰাইজে কুফল ভোগ কৰি আহিছে।

কেইবাদিনো অভিযান চলাই দুৰ্ঘটনাগ্ৰস্ত বিমান খনৰ ব্লেক বক্সৰ লগতে আন কিছু অংশ উদ্ধাৰ কৰা হৈছিল। উল্লেখযোগ্য যে, বিমান খনৰ ইন্ধন আজিলৈকে খেতি-পথাৰত থকাত মাছ, খেতিৰ লগতে শস্য খেতিৰ বহুত ক্ষতিৰ সন্মুখীন হৈছে বহু কৃষকে।

দূৰ্ঘটনাৰ পিছতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক ক্ষতি পুৰণ দিয়াৰ লগতে উপযুক্ত চিকিৎসাৰ আশ্বাস দিছিল যদিও আজিলৈকে ফুটা কড়িও নাপালে দূৰ্ভগীয়া পৰিয়ালে। শেহতীয়াকৈ এনে এক জটিল পৰিস্থিতিত দূৰ্ভগীয়া পৰিয়াল কেইটাই সাহায্যৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *