
যোৱা নিশা মূৰ্মুষ অৱস্থাত জুৰীয়াৰ মৰান গাঁৱৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ দীপ মণি বৰুৱা নামৰ যুৱক জনৰ মৃতদেহ । দীপমনি বৰুৱাৰ ঘৰ জুৰীয়াৰ চামধৰা গাঁৱত ! ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে যুৱক জনে আকোঁৱালি লয় মৃত্যুক। পৰিয়ালৰ লোকে দীপমণিক কোনোবাই হত্যা কৰাৰ অভিযোগ তুলিছে। ঘটনা সন্দৰ্ভত জুৰীয়াৰ আৰক্ষীয়ে জেহিৰুল ইছলাম আৰু শংকৰ বৰা নামৰ দুই যুৱকক সোধপোছৰ বাবে আটক কৰিছে। ইফালে স্থানীয় একাংশ লোকে অতিমাত্ৰা সুৰা সেৱন কৰাৰ ফলতেই দীপমণিৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । উল্লেখ্য যে, জুৰীয়াৰ মৰাণগাওঁ বামুণগাঁৱৰ মাজৰ পথটিত বিভিন্ন নিচাজাতীয় দ্ৰব্য সেঁৱন কৰাৰ ঘাটিলৈ পৰিণত হৈছে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে আটক কৰা দুই ব্যক্তিক সোধা-পোছা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
38 Comments