বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌতিয়ালে কণ্ঠদান কৰা এই গীতটিৰ প্ৰযোজক ভূষণ কুমাৰ । টি ছিৰিজৰ বেনাৰত নিৰ্মিত ‘দৌতাৰা’ শীৰ্ষক নতুনকৈ মুক্তি পোৱা এটা গীতে ৰাজ্যৰ সংস্কৃতি আৰু পৰম্পৰাক ভুলকৈ চিত্ৰিত কৰাৰ বাবে সমগ্ৰ অসমৰ গোৱালপৰীয়া লোকশিল্পীসকলৰ মাজত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে । উল্লেখ কৰিব পাৰি যে এই গীতটোৰ মিউজিক ভিডিঅ’টো ২১ মাৰ্চত (মঙলবাৰে) মুক্তি পাইছিল , য’ত মৌনি ৰয় আৰু জুবিন নৌতিয়ালে অভিনয় কৰিছিল ।

গীতটোৰ বিষয়ে কওঁতে অসমৰ লোকশিল্পীসকলে দাবী কৰে যে গীতটোৰ প্ৰযোজকসকলে গোৱালপৰীয়া লোক-উপাদান আৰু বিশিষ্ট লোকগায়িকা প্ৰতিমা বৰুৱা পাণ্ডেৰ চিৰসেউজ ৰচনাক আঘাত দিছে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত লোকসংগীতজ্ঞ জোবা চক্ৰৱৰ্তীয়ে কয়, ‘সমগ্ৰ ঘটনাটো অতি লজ্জাজনক । গীতটোত প্ৰতিমা বৰুৱা পাণ্ডেৰ বিস্ময়কৰ সৃষ্টি ‘কমলা সুন্দৰী নাচে’ক ভুলকৈ চিত্ৰিত কৰা হৈছে । গীতটি ইউটিউবত মুক্তি পোৱাৰ পিছত শুনিছিলো গায়ক জুবিন নৌতিয়ালে গীতটো তেওঁৰ সৃষ্টি বুলি দাবী কৰিছিল । আমি এইটো সহ্য কৰিব নোৱাৰো আৰু প্ৰয়োজন হ’লে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম । কেৱল গীতৰ কথাই নহয়, গানটোৰ সাজ-পোছাক আৰু উপস্থাপনও যথেষ্ট অশ্লীল । ” গোৱালপাৰাৰ আন এজন ব্যক্তিয়ে দাবী কৰে যে আন কোনোবা সংগীতজ্ঞৰ ৰচনা ব্যৱহাৰ কৰি সংগীত সৃষ্টি কৰাটো গ্ৰহণযোগ্য নহয় । তেওঁ কয়, ‘গীতটো অনতিপলমে নিষিদ্ধ কৰিবলৈ আমি দাবী জনাইছো । ই আমাৰ আৱেগক আঘাত দিছে আৰু আমাৰ সংস্কৃতি আৰু পৰম্পৰাক অপমান কৰিছে । এই জঘন্য কাণ্ডৰ প্ৰতিবাদ কৰাটো সমাজৰ কেৱল এজন ব্যক্তিৰ নহয় সকলোৰে ভূমিকা । এজন শিল্পী হিচাপে আপুনি নিজৰ সংগীত নিজেই সৃষ্টি কৰা উচিত আৰু ইতিমধ্যে আনে সৃষ্টি কৰাখিনি নকল কৰা উচিত নহয় । ”
