
দেশ তথা ৰাজ্যৰ আগশাৰীৰ সাৰ্বজনীন বন্ধন বেংকে আজি জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক অসমৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়ে৷ বেংকটোৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ জড়িত হোৱাৰ ফলত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কাষ চপাৰ লগতে তেওঁলোকৰ জীৱনত বিভিন্ন ধৰণে ইতিবাচক প্ৰভাৱ পেলোৱাৰ এক উমৈহতীয়া আগ্ৰহ প্ৰতিফলিত কৰে৷ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি হোৱাৰ দিনাই শুভাৰম্ভণি অনুষ্ঠানত জুবিন গাৰ্গে তেওঁৰ এটি নতুন গীতৰ ভিডিঅ’ মুকলি কৰে।

য’ত অসমৰ বাৰে ৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন উপাদান প্ৰদৰ্শন কৰা হৈছে৷ বন্ধন বেংকৰ উদ্যোগত গানটোৰ লগতে ইয়াৰ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে ৷ গীতটোৰ ভিডিঅ’টোত অসমৰ পৰম্পৰা, কৃষ্টি-সংস্কৃতি আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখুওৱা হৈছে৷

যোৱা দুটা দশকজুৰি বন্ধন বেংকে আনুষ্ঠানিক আৰ্থিক সেৱাৰ মাধ্যমেৰে বহনক্ষম জীৱিকা গঢ়াৰ হকে কাম কৰি আহিছে, বিশেষকৈ মহিলাসকলক স্বাৱলম্বী তথা সবল কৰাৰ ক্ষেত্ৰত বন্ধন বেংকৰ অৰিহণা লেখত ল’বলগীয়া৷ বন্ধন বেংকে ইয়াৰ ৪৭১টা বেংকিং আউটলেটৰ জৰিয়তে অসমৰ ২০.৪৭ লাখ গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বন্ধনে শিক্ষা, স্বাস্থ্য, জীৱিকাৰ প্ৰচাৰ, উদ্যোগীক উন্নয়ন , বিত্তীয় সাক্ষৰতা, দক্ষতা বিকাশ আৰু নিয়ুক্তি সৃষ্টিৰ ক্ষেত্ৰত অসমত ইয়াৰ বিভিন্ন সামাজিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে ৪ লাখতকৈও অধিক হিতাধিকাৰীৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ৷ “বন্ধনৰ সৈতে অসম আৰু ইয়াৰ জনগণৰ গভীৰ সম্পৰ্ক আছে৷ ৰাজ্যখনৰ সৰ্বসাধাৰণক সেৱা আগবঢ়োৱা আৰু ৰাজ্যবাসীৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰা তথা আৰ্থিক সহায়তা আৰু সামূহিক উন্নয়নৰ পদক্ষেপৰ সংমিশ্ৰণৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰিক বিকাশক অনুপ্ৰেৰণা যোগোৱাটো বন্ধনৰ উদ্দেশ্য৷