
জীৱনৰ সতে যুজ বাগৰ দি দি প্ৰায় ভাগৰুৱা হৈ পৰা এজন সমাজসেৱক যিজনে আজি চাৰিবছৰে ভাত নাখাই কেৱল জুলীয়া খাদ্য আৰু বিস্কুট খাই দিনৰ পিছত দিন ধৰি শয্যাগত হৈ দিন কটাইছে। যি গৰাকী ব্যক্তিয়ে ৮০ আৰু ৯০ দশকত ক’টৰ তৰণি কাম কৰি এজন সমাজ সচেতক আৰু আগশাৰীৰ সমাজ সেৱকৰ পৰিচয় ডাঙি ধৰিছিল যিসময়ত ৰাংছালী গাৱঁত তেনেই তাকৰ আছিল শিক্ষিত লোকৰ সংখ্যা ।ৰাংছালী গাৱঁৰ পৰা গৈ বিশ্বনাথ চাৰিআলৰ ক’টত তৰণি কাম কৰি থকা সময়ত আৰু তাৰ পৰৱতী সময়তো কেছ মোকৰ্দমা আদি অফিচিয়েল কামবোৰত তিনিশৰো অধিক লোকক সহায় কৰি জামিনদাৰ হৈ ৰিহা কৰাইছিল ৷এইদৰে সমাজৰ উপকাৰ সাধন কৰিছিল ৷নিজৰ গাৱঁৰ অঞ্চলতো বহু লোকক বিভিন্নধৰণৰ আবেদন পত্ৰ লিখি দিয়াৰ উপৰিও মাটি বাৰী কিনা বেচা আৰু বন্ধকত লোৱা কামতো দলিল লিখি দি সততে বহুলোকক সহায় কৰিছিল ৷ এইজন সমাজহিতৈষী ব্যক্তি হ’ল শ্ৰীযুত পুণেশ্বৰ দাস ৷ঘৰ বিশ্বনাথ জিলাৰ বিহালী মৌজাৰ সোনসেৰীয়া ঐতিহ্যৰে মহীয়ান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাংছালী গাৱঁৰ কাছকটা চুবুৰীত ৷ শিক্ষিত এইজনালোকে আৰ্থিকক দৈন্যতাত পৰিও সততা নেহেৰুৱাই কেইবাটাও সন্তানেৰে ভৰা এখন ঘৰ চলাই নিয়া অক্লান্ত লোকজন যেন আজি ভাগৰুৱা ৷ জীৱনৰ চৰম পৰিহাস যেন জীৱনৰ নিকটত ৰৈ সুহুৰিয়াইছে।