
নগাওঁ কাণ্ডৰ ভুক্তভোগী কীৰ্তি কমল বৰাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হ’ব ভৰিৰ অস্ত্ৰোপচাৰ। এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত কীৰ্তি কমল সেই ঘটনাৰ পিছতে কোভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল। ফলত তেওঁৰ অস্ত্ৰোচাৰ সম্পন্ন কৰিব পৰা হোৱা নাছিল। কোভিড নিগেটিভ হোৱাৰ বাবে শুকুৰবাৰে জি এম চি এইছৰ চিকিৎসক ডাঃ সমৰজ্যোতি গগৈৰ নেতৃত্বত কীৰ্তি কমলৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব।
4,501 Comments