sangbad lahar logo

জিনজিয়া চাহ বাগিছাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড । খুলশালীয়েকৰ হাতত প্ৰাণ গ’ল নিজা ভিনিয়েকৰ ।

খুলশালীয়েকে হত্যা কৰিলে নিজা ভিনিয়েকক ।

বিহালীৰ জিনজিয়া চাহ বাগিছাত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ।

খুলশালীয়েকৰ হাতত প্ৰাণ গ’ল নিজা ভিনিয়েক ।

জিনজিয়া চাহ বাগিছাৰ ফেক্টৰীৰ ভিতৰত সংঘটিত হ’ল এই হত্যাকাণ্ড ।

লব মুণ্ডা নামৰ খুলশালীয়েকজনে দা ৰে পিছফালৰ পৰা আক্ৰমণ কৰি হত্যা কৰে লুকাছ তাঁতী নামৰ ভিনিয়েকগৰাকীক ।

পাৰিবাৰিক কণ্ডলৰ বাবেই খুলশালীয়েকে নিজ ভিনিয়েকক এইদৰে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

ইতিমধ্যে বিহালীৰ জিনজিয়া আৰক্ষীয়ে হত্যাকাৰী খুলশালীয়েকক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

আৰক্ষীৰ তদন্তৰ পিছতহে এই হত্যাৰ প্ৰকৃত ৰহস্য ফাদিল হব ।

Related Articles