জিঅ’টেগ কৰাই দিয়াৰ নামত লংকাত চলিছে কি?

লংকাত জিঅ’টেগ কৰাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত বিজেপি বুত সমিতিৰ সভাপতি।
লংকাৰ নখুট খাগৰীজান গাঁৱ পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ ১নং খাগৰিজানৰ ১৫৭ নং বুথ সমিতিৰ সভাপতি জিয়া উদ্দিনৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ ৰাইজৰ।শেহতীয়াকৈ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জিঅ’টেগ কৰাৰ বাবে জিৱীকা সখী সকলক নিৰ্দেশ দিয়াৰ পাছতেই জীৱিকাসখীক লগত লৈ এতিয়া দালালিত নামিছে বিজেপিৰ একাংশ পালিনেতা।আৰু তেনে এক ঘটনা পোহৰলৈ আহিছে লংকাৰ খাগৰিজানত।

লংকাৰ ১নং খাগৰিজানত বিজেপিৰ এগৰাকী বুথ সমিতিৰ সভাপতি জিয়া উদ্দিনে জিৱীকাসখীক লগত লৈ ধন লৈ জিঅ’টেগ কৰিবলৈ যোৱাৰ সময়তে লাগে অথন্তৰ।পালিনেতাগৰাকীয়ে জিঅ’টেগৰ বাবে ৰাইজৰ পৰা ধন বিচৰাত উত্তপ্ত হৈ পৰে পৰিবেশ আৰু শেষত ৰাইজৰ ধন ঘুৰাই দিয়া প্ৰতিশ্ৰুতি দি পলায়ন কৰে দালালৰূপী বুথ সভাপতি জিয়া উদ্দিনে।