sangbad lahar logo

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি ৷

১৯২৫ চনতে জামুগুৰিহাটত স্থাপন হোৱা জামুগুৰিহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৰি থৈছে শতবৰ্ষত ৷
অহা ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হব শতবৰ্ষ অনুষ্ঠান ৷ এই উদ্দেশ্যৰেই শনিবাৰে বিদ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা ৷ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জনাৰ্দ্দন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিদ্যালয়ৰ শৈক্ষিক, প্ৰশাসনিক বিষয়াৰ দ্বায়িত্বত থকা শিক্ষক নিতুমনি বৰাই আঁতধৰা সভাখনিত বিধায়ক পদ্ম হাজৰিকাক সভাপতি,বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাক প্ৰধান সম্পাদক নিতুমনি বৰা আৰু সুৰজিৎ চৌধুৰীক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় ৷ সভাখনিত বৃহত্তৰ জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

Related Articles