Skip to content
জাগী ভকত গাঁৱত সুধাকণ্ঠক সোঁৱৰণ
ডিজিটেল ডেস্ক ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক ৯৪ সংখ্যক ওপজা দিনত মঙলবাৰে ৰাজ্যজুৰি স্মৰণ কৰা হয়। ৰাজ্যৰ আন প্ৰান্তৰ লগতে জাগী ভকতগাঁৱতো ড° ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী, জাগী ভকতগাঁৱৰ উদ্যোগতো ৰূপায়ণ কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সেই অনুসৰি ভকত গাঁৱৰ সমূহীয়া ভৱনত মঙলবাৰে সন্ধিয়া আয়োজিত এই অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ পোহৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে চমু বক্তব্যৰে সংগীত সূৰ্যক সোঁৱৰণ কৰি নৱ প্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজি শুদ্ধ ৰূপত চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনাই জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভাপতি হীৰেন শৰ্মা আৰু ড° ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠীৰ প্ৰাক্তন সভাপতি জয়সিং বৰদলৈয়ে । সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি ৰেণুধৰ কোঁৱৰ, জাগী ভকত গাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰণ্টুমনি শইকীয়া, কৃষি সংগঠন সাৰথিৰ সভাপতি হিমু বৰা, সম্পাদক বিপুল গগৈ, জাগী ভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হীৰক জ্যোতি নাথ প্ৰমুখ্যে সংগীত অনুৰাগীৰ উপস্থিতিত ড° ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক ৰাজীৱ চহৰীয়াই আঁত ধৰা এই অনুষ্ঠানটিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ অনবদ্য অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি বক্তব্য প্ৰদান কৰে গোষ্ঠীৰ প্ৰাক্তন সম্পাদক জয়ন্ত সাগৰ শইকীয়াই। আনহাতে গোষ্ঠীৰ সভাপতি থানেশ্বৰ ডেকা আৰু সাংস্কৃতিক সম্পাদক লাচিত ডেকাই সুধাকণ্ঠৰ দুটি কালজয়ী গীত পৰিৱেশন কৰি বিশ্ববৰেণ্য শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰে।