৩ আগষ্টৰ দিনটো হ’ব জাগীৰোড তথা সমগ্ৰ অসমবাসীৰ বাবে এক ঐতিহাসিক দিন ৷
কিয়নো, ৩ আগষ্টত ভূমি পূজন হ’ব জাগীৰোডত স্থাপন হ’বলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ৷
২০২৬ চনৰ ভিতৰতে টাটাই এই প্ৰকল্পত আৰম্ভ কৰিব ছেমিকণ্ডাক্টৰ প্ৰস্তুতৰ কাম ৷
প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ এক মাইলৰ খুঁটিস্বৰূপ এই প্ৰকল্প নির্মাণত ব্যয় হ’ব ২৭ হাজাৰ কোটি টকা ।
এই প্ৰকল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিযুক্তি লাভ কৰিব প্ৰায় ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে ।
মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই সম্পন্ন কৰিব ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন ৷
ভূমি পূজনৰ সকলো কাম ক্ষিপ্ৰতাৰে আগবাঢ়িছে পূৰ্বৰ কাগজ কলৰ ভূমিত ৷
ভূমি পূজন হ’বলগীয়া স্থান পৰিদৰ্শন কৰিবলৈ বুধবাৰে উপস্থিত হয় মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মন্ত্ৰী বিমল বৰা ৷
পৰিদৰ্শনকালত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি ভূমি পূজন কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে সকলোকে আহ্বান জনায় ৷
