sangbad lahar logo

জাগীৰোডৰ জাগীভকতগাওঁ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিহু কৰ্মশালাৰ সফল সামৰণি..

অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ সমগ্ৰ ৰাজ্যতে ঢোল-পেঁপা-গগণাৰ মাতে ৰজনজনাই থকাৰ সময়তে জাগীৰোডত ৩ শতাধিক যুৱতীৰ লগতে কন কন শিশুসকলে কৰিলে বিহু কৰ্মশালাত অংশগ্ৰহণ ৷ জাগীৰোডৰ জাগীভকতগাঁও  আঞ্চলিক ছাত্ৰ-সন্থাৰ উদ্যোগত ৭ দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠানত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিলে ৷ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰ্মশালাত ঢোল-পেঁপা-গগণাৰ মাতত কঁকাল ভাঙি নাচিলে ৩ শতাধিক  বিহুৱতীৰ লগতে কন কন শিশুসকলে ৷

Related Articles