জাগীৰোডৰ খুত্ৰাদলত দুই সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পিছত,মৰিগাঁও জিলা প্ৰশিসনে আয়োজন কৰিলে শান্তি সভাৰ…

জাগীৰোডৰ খুত্ৰাদলত দুই সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘাট মষিমূৰ কৰাৰ বাবে প্ৰশাসনৰ লোক উপস্থিত হৈ শান্তি কমিটি গঠন
চেপা উত্তেজনা আঁতৰাই জাগীৰোডৰ খুত্ৰাদলত শান্তি ঘুৰাই অনাৰ প্ৰয়াস ৷ দুই সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘাত মষিমূৰ কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনৰ তৎপৰতা ৷ ঈদৰ আগদিনাই জাগীৰোডৰ খুত্ৰাদলত বিশেষ সম্প্ৰদায়ৰ লোকৰ আক্ৰমণৰ বলি হৈছিল কেইবাজনো হিন্দু লোক ৷ সাধাৰণ কথাতে দুই সম্প্ৰদায়ৰ লোকৰ মাজত সংঘটিত হৈছিল আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা ৷

ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কেইবাজনো লোক ৷ ইয়াকে লৈ বিগত কেইবাদিন ধৰি অঞ্চলটোত বিৰাজ কৰিছিল চেঁপা উত্তেজনা ৷ অৱশেষত খুত্ৰাদল প্ৰাথমিক বিদ্যালয়ত মৰিগাঁও জিলা প্ৰশিসনে আয়োজন কৰিলে শান্তি সভাৰ ৷ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত দুয়ো সম্প্ৰদায়ৰ লোকক লৈ গঠন কৰা হয় শান্তি কমিটি ৷ অঞ্চলটোত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ সকলোকে আহ্বান জনায়