জাগীৰোডত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক উষ্ম আদৰণি

জাগীৰোডত গৌৰৱ গগৈয়ে সাক্ষাৎ কৰে গোভা ৰজা দ্বীপসিং দেউৰজাক

Anchor
শিৱসাগৰৰ পৰা আৰম্ভ হোৱা গৌৰৱ গগৈৰ ৰাজনৈতিক যাত্ৰা আজি উপস্থিত হয় জাগীৰোডত ৷ জাগীৰোডৰ মাজমজিয়াত খোজকাঢ়ি ৰাইজক সম্বোধন কৰে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ৷ এই যাত্ৰাৰ অংশ হিচাপে কংগ্ৰেছ সভাপতি গৰাকী উপস্থিত হয় গোভা ৰজা দ্বীপসিং দেউৰজাৰ ৰাজভৱনত ৷ গোভা ৰজাক সাক্ষাৎ কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰে গৌৰৱ গগৈয়ে ৷ আনহাতে গৌৰৱ গগৈৰ পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা ধুবুৰীৰ পৰা আৰম্ভ কৰিবলৈ মন্ত্ৰী পীয়ুষ হিজৰিকাই সামাজিক মাধ্যমত দিয়া উপদেশ সন্দৰ্ভত তেওঁ কয় যে, বানপানীৰ সময়ত ৰাজনৈতিক যাত্ৰাত পৰামৰ্শ দিয়াতকৈ ক’ত মথাউৰি ভাঙিছে, ক’ত শ্লুইছ গেট ভাঙিছে তাৰ ওপৰত জোৰ দিয়াটো বেছি গুৰুত্বপূৰ্ণ ৷ ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে নৈতিকতাৰ ওপৰত কথা কলে হাঁহি উঠে বুলিও মন্তব্য গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি সন্দৰ্ভত অসমৰ সকলো ৰাইজ অৱগত আৰু সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা নৈতিকতাৰ চাৰ্টিফিকেট নালাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছ সভাপতি গৰাকীৰ ৷