বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে মহানগৰবাসীক খোৱাপানী যোগানৰ আশ্বাস দিছিল জলব’ৰ্ডে ।
জাইকা জাপানৰ প্ৰতিনিধি আৰু জলব’ৰ্ডৰ অধ্যক্ষই , এবছৰ পূৰ্বে উত্তৰ গুৱাহাটী পানী প্ৰকল্প পৰিদৰ্শন কৰি আশ্বাস দিছিল জাঁইকাৰ পানী প্ৰকল্প মুকলিৰ ।
ইয়াৰ পিছত ২০২৩ বৰ্ষত জাঁইকাৰ পানী প্ৰকল্প মুকলিৰ লোৱা হল কেইবাটাও তাৰিখ ।
একেটা সুৰতে সুৰ মিলাই চলিত বৰ্ষৰ মে মাহত উত্তৰ গুৱাহাটীবাসীক পানী যোগানৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
সকলো যেন ফুটুকাৰ ফেন হলগৈ । আজিও উত্তৰ গুৱাহাটীবাসীয়ে নাপালে খোৱাপানী ।
পিয়াহৰ পানী টুপিৰ বাবে উত্তৰ গুৱাহাটীবাসীয়ে এতিয়া হাঁহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।
অপৰিশোধিত পানীকে ক্ৰয় কৰি জুৰুলা হৈ পৰিছে ৰাইজ ।
প্ৰকৃততে জাইকা প্ৰকল্পৰ কাম কিমান আগবাঢ়িছে ?
বহু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে মহানগৰবাসীক কেতিয়ালৈ পানী যোগান ধৰিব, তাৰ নিশ্চিত তথ্য নাই নেকি চৰকাৰৰ হাতত । যাৰ বাবে খোৱাপানী টুপিক লৈ বিবুধিত পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ।