
সংবাদ লহৰ: বহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত লাওখোৱা অভয়াৰণ্যৰ বন্যপ্ৰাণী ! আজি জুৰীয়া পূৱ ফুটালজাৰত এটা পহু উদ্ধাৰ হয় ! বাঢ়নী পানীত মাইকী পহু টো স্থানীয় ৰাইজে উদ্ধাৰ কৰি লাওখোৱা বন বিভাগক খবৰ দিয়ে । বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ পহুটো উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়ে। ভদীয়া বানে লাওখোৱা অভয়াৰণ্য প্লাৱিত কৰাত ওখ ঠাই বিচাৰি পহুটোৱে বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰিছিল।