
জম্মু-কাশ্মীৰত যোৱা ২৪ ঘন্টাত নিৰাপত্তাৰক্ষীৰে সংঘটিত সংঘৰ্ষত নিহত হৈছে ৫টা সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদী কেইটাৰ ভিতৰত আছে এটা ট’প কামাণ্ডৰ। ইফালে, যোৱা এসপ্তাহত প্ৰায় ১০টা সন্ত্ৰাসবাদী নিহত হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত। বুধবাৰে মাজ নিশা পুলৱামা জিলাৰ পুছল এলেকাত নিৰাপত্তাৰক্ষীয়ে লস্কৰ-তৈবাৰ দুটা সন্ত্ৰাসবাদীক ধৰাসায়ী কৰে। অৱশ্যে এলেকাটোত বৰ্তমানেও তালাচী অভিযান অব্যাহত ৰখা হৈছে।