
জন্মু-কাশ্মীৰৰ পুঞ্জ জিলাৰ ডেৰাত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত সংঘৰ্ষ। পুৱাৰে পৰা চলি আছে এই সংঘৰ্ষ। সীমা অতিক্ৰম কৰি পুঞ্জত প্ৰৱেশ কৰিছিল ৪ সন্ত্ৰাসবাদী। মোগল ৰোডৰ সমীপৱৰ্তী ডেৰাৰ এক গলি অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ঘেৰি লৈছিল সন্ত্ৰাসবাদী কেইটাক। তাৰ পাছতে দুয়ো পক্ষৰ মাজত হৈছিল প্ৰচণ্ড গুলীয়াগুলি। সন্ত্ৰাসবাদীৰ গুলীত গুৰুত্বৰভাৱে আহত হৈছিল বিষয়াৰ সৈতে ৫ সেনা জোৱান কিন্তু চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে আটাইয়ে আকোঁৱালি লয় মৃত্যুক। এই সংঘৰ্ষত এজন সেনা বিষয়াকে ধৰি ৫ জনকৈ ছহিদ।