sangbad lahar logo

জনীয়া প্ৰেছ ক্লাবৰ ব্যতিক্ৰমী পদক্ষেপ । উপ-জিলাৰ কাৰ্যালয় স্থাপনৰ দাবীত স্মাৰক পত্ৰ লৈ মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ মৌন পদযাত্ৰা ।

শেহতীয়াভাৱে চৰকাৰে ঘোষণা কৰিছে প্ৰশাসনিক উপ জিলা । বৰপেটা জিলা মন্দিয়া- জনীয়া নামেৰেও ঘোষণা কৰা হৈছে উপ জিলা । প্ৰস্তাৱিত মন্দিয়া-জনীয়া উপ জিলাৰ কাৰ্যালয় স্থাপনৰ বাবে কেইবাখনো ঠাইৰ নাম উত্থাপন হৈছে । একে সময়তে  জনীয়া প্ৰেছ ক্লাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । জনীয়া প্ৰেছ ক্লাবৰ সভাপতি মইনুল হক চৌধুৰী আৰু সম্পাদক আবুল হুছেইনৰ নেতৃত্বত এটি সঁজাতী দলে প্ৰস্তাৱিত মন্দিয়া-জনীয়া উপ জিলাৰ কাৰ্যালয় জনীয়াত স্থাপনৰ দাবীত স্মাৰক পত্ৰ লৈ জনীয়াৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ মৌন পদযাত্ৰাৰে ৰাওনা হৈছে । সোমবাৰে আৰম্ভ কৰিছে এই পদযাত্ৰা । সোমবাৰে প্ৰায় ৪০ কিলোমিটাৰ পদযাত্ৰা কৰি নিশাটো নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত কটায় পদযাত্ৰা কৰা দলটোৱে । ৰামপুৰত বৰক্ষেত্ৰী প্ৰেছ ক্লাবৰ সম্পাদক সুভাষ কাকতি, সাংবাদিক চেলিম মালিক, সুৰজিৎ পাঠকৰ নেতৃত্বত সাংবাদিকৰ দল এটি পদযাত্ৰা কৰি অহা দলটোক আদৰণি জনায় আৰু নিশাটো ৰামপুৰত থকাৰ ব্যৱস্থা কৰি দিয়ে । দলটোৱে মংগলবাৰে ৰামপুৰৰ পৰা পুনৰ পদযাত্ৰা আৰম্ভ কৰিছে ।

Related Articles